ধেমাজিঃ ধেমাজিৰ মাছখোৱাত সংঘটিত হৈছে এক কৰুণ ঘটনা। গন্ধীয়া নৈৰ বাঢ়নি পানীয়ে প্ৰাণ কাঢ়ি নিলে দুটি কণমানি ভগ্নীৰ।

খেলি থকা অৱস্থাতে হঠাৎ গন্ধীয়া নদীত পৰে কণমানি দুটি। আৰু তাৰপাছত পৰিয়াল তথা স্থানীয় ৰাইজে কণমানি দুটিক উদ্ধাৰ কৰি প্ৰথমে গন্ধীয়া চিকিৎসায়লৈ লৈ যায়।

কিন্তু গন্ধীয়া হাস্পতালত উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। আৰু অৱশেষত ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে কণমানি দুটিক মৃত ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply