বৰপেটা : বানপানীৰ সময়ত পানীত পৰা লোকক উদ্ধাৰ কৰাৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক অভিনৱ ব্যৱস্থা। পানীত পৰা লোকক উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি জিলাখনৰ প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠন কৰা হৈছে। বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা এই অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৩১ গৰাকী যুৱকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত সৰ্থেবাৰী চহৰৰ পাৰাহকুছী প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকা আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ডঃ নন্দিতা দত্ত‌ উপস্থিত থাকে।

প্ৰশিক্ষণত অংশগ্ৰহণ কৰা যুৱক সকলক বৰপেটা অগ্নি নিৰ্বাপন বাহিনীৰ কেন্দ্ৰ বিষয়া মৃণাল দাসে কম আয়াসতে ঘৰুৱা পেলনীয়া সামগ্ৰীৰে কিদৰে লাইফ জেকেট বা লাইফ বোয় সাজি লৈ বেছি সময়লৈ পানীত উপঙি থকাৰ লগতে পানীত পৰা লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে উদাহৰণসহ বুজায় কয়। তেওঁ দুৰ্ঘটনাগ্ৰস্থ লোকক কিদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে তাৰো আভাষ ব্যৱহাৰিক প্ৰদৰ্শনেৰে দাঙি ধৰে। অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ক্ষেত্ৰ বিষয়া আৰু ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী, বৰপেটাৰ জোৱান সকলো উপস্থিত থাকে।

লগতে পঢ়ক : দক্ষিণ শালমাৰাৰ বন্ধিহানাত ব্ৰহ্মপুত্ৰ নদীত নাওঁ ভৰ্তি চোৰাং চাউল জব্দ

উল্লেখ্য যে ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সীমিত সংখ্যাৰ বাবে কোনো স্থানত দুর্ঘটনা সংঘটিত হ’লে দলটো গৈ পানীত ডুবা লোকজনক জীৱন্তে উদ্ধাৰ কৰাটো সম্ভৱ হৈ নুঠে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, সেয়ে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ পৰামৰ্শ ক্ৰমে জিলাখনৰ প্ৰতিটো প্ৰান্ততে সাঁতোৰত বিশেষ দক্ষতা থকা স্থানীয় যুবক সকলক প্ৰাথমিক প্ৰশিক্ষণেৰে উদ্ধাৰ অভিযানৰ বাবে উপযুক্ত ৰূপত গঢ়ি তুলিব বিচৰা হৈছে। যোৱা ৩১ মে’ত জিলা উপায়ুক্ত ভূচালৰ উপস্থিতিত এনে প্ৰথমটো ১৬ জনীয়া দলক কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনিয়াত দিয়া প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ পিছত দ্বিতীয়টো কাৰ্যসূচী চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত গোমাফুলবাৰীত যোৱা ৫ জুনত সম্পন্ন কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply