কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাঘৰ আৱাস বা খাদ্যৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সমীক্ষাৰ বাবে কাজিৰঙাৰ কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে তিনিদিনীয়া প্ৰশিক্ষণ ।
প্ৰশিক্ষণত কাজিৰঙাৰ লগতে কাষৰীয়া গোলাঘাট বন সংমণ্ডল আৰু কাৰ্বি আংলং জিলাৰ বন সংমণ্ডল সামৰি মুঠ ৬০ গৰাকী বন কৰ্মী আৰু বিষয়াই অংশগ্ৰহন কৰিছে ৷
এই প্ৰশিক্ষনত কাজিৰঙাৰ ভিতৰত ক্ষেত্ৰ ভিত্তিক ব্যৱহাৰিক প্ৰশিক্ষন প্ৰদান কৰা হয় ৷ বাঘৰ সমীক্ষা নিৰূপণত ব্যৱহাৰ হোৱা উন্নত প্ৰযুক্তিৰ জি পি এছ , কম্পাচ, বাইন’কুলাৰৰ উপৰিও ৰেঞ্জ ফাইণ্ডাৰ নামৰ সঁজুলিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
প্ৰশিক্ষণৰ মুখ্য সমন্বয়ক কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ মতে ৰাষ্ট্ৰীয় জীৱ ঢেকীয়াপতীয়া বাঘৰ সংখ্যা, আৱাস, সমস্যা আদিৰ ওপৰত নিৰীক্ষণ কৰাৰ বাবে দেশ জুৰি চলা অভিযানত বনকৰ্মী সকলক বাঘ সংৰক্ষনত আধুনিক প্ৰযুক্তি ব্যৱহাৰ আৰু বিজ্ঞান ভিত্তিক তথ্য সংগ্ৰহত কেনেদৰে সাজু কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰশিক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলে স্মাৰ্ট প্ৰেট্ৰলিং আৰম্ভ কৰিব পৰাকৈ সাজু কৰা হৈছে ৷
ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী সংস্থানৰ প্ৰকল্প সমন্বয়ক দেৱৰঞ্জন লাহা, আশীষ প্ৰসাদ আৰু প্ৰকল্প সহায়ক নানকা লাক্ৰাৰ উপৰিও ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ জীৱবিদ আগাথা চি মোমিনে এই প্ৰশিক্ষনত বনকৰ্মী সকলক প্ৰশিক্ষন প্ৰদান কৰিছে ৷
বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি, আৱাসস্থলী বা বাঘৰ খাদ্যৰ ওপৰত ভাৰতীয় বন্যপ্ৰাণী সংস্থানে চলোৱা অভিযানৰ অংশ হিচাবে ঢেকীয়াপতীয়া বাঘ সমীক্ষাৰ বাবে ব্যৱহৃত এমষ্ট্ৰিপ নামৰ এটা অতি উন্নত মোবাইল এপৰ ওপৰত প্ৰশিক্ষাৰ্থী সকলক এই প্ৰশিক্ষিত কৰা হৈছে ৷ সম্প্ৰতি কাজিৰঙাত ১২১ টা ঢেকীয়াপতীয়া বাঘ থকাৰ তথ্য আছে ৷