অসম চৰকাৰৰ আমোলা পৰ্যায়ত ৰদ-বদল

অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক সাংস্কৃতিক পৰিক্রমাৰ উপৰি পৰ্যটন বিভাগৰো দায়িত্ব দিয়া হৈছে |
GMDAৰ অতিৰিক্ত মুখ্য সচিব ফণীন্দ্র সিঙক নগৰ উন্নয়নৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
হস্ততাঁত বস্ত্রশিল্পৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে |
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছেইদিন আব্বাছীক তথ্য প্রযুক্তি আৰু খনি বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে |
বিশ্বৰঞ্জন ছামালক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্রধান সচিবৰ দায়িত্ব |
নিৰজ বাৰ্মাক সংসদীয় পৰিক্রমা, বিজ্ঞান আৰু তথ্য প্রযুক্তিৰ প্রধান সচিবৰ দায়িত্বৰ লগতে অসম চৰকাৰৰ পাৰ্ছনেল বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্বতো থাকিব |
বি কল্যাণ চক্রৱৰ্তীক সৰ্বশিক্ষা অভিযান মিছনৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
ড০ জে বি এক্কাকো সংসদীয় পৰিক্রমা বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
ড০ কৃষ্ণ কুমাৰ দ্বিবেদীক খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ প্রধান সচিবৰ দায়িত্ব দিয়া হৈছে
আছাম হাইড্র’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানীৰ পৰিচালন সঞ্চালকৰ দায়িত্বতো থাকিব কৃষ্ণ কুমাৰ দ্বিবেদীক
মুকেশ চন্দ্র চাহুক পৰ্যটন বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
মনীষ ঠাকুৰক নগৰ উন্নয়ন, গুৱাহাটী উন্নয়ন, বিত্ত, বিজ্ঞান আৰু প্রযুক্তি বিদ্যা বিভাগৰ আয়ুক্ত সচিব পদলৈ বদলি কৰা হৈছে |
পূৰ্বে অসম সচিবালয়ৰ প্রশাসনীয় বিভাগৰ আয়ুক্ত সচিব আছিল মনীষ ঠাকুৰ
মনালিছা গোস্বামীক নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
এম এছ মনিভাননক সচিবালয়ৰ প্রশাসনীয় বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে
আকাশ দ্বীপক তথ্য আৰু প্রযুক্তি বিভাগ, স্বচ্ছ ভাৰত মিছন (গ্রামীণ) বিভাগৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব
শ্রম আয়ুক্ত ছাজাদ জামান হাজৰিকাক বৰাক উপত্যকা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে
সাংস্কৃতিক পৰিক্রমা, পৰিৱেশ আৰু বন বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনক সমাজ কল্যাণ বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে
বিনোদ চেছানক কৃষি বিভাগৰ সচিব পদলৈ বদলি কৃষি আৰু ষ্টেট প্র’জেক্ট ডাইৰেক্টৰ, ARIAS ছ’চাইটীৰ সঞ্চালকৰ দায়িত্বও বিনোদ চেছানক দিয়া হৈছে |
হেমেন দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব পদলৈ বদলি |
পঞ্চায়ত আৰু গ্রামোন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্তৰ অতিৰিক্ত দায়িত্ব দিছে হেমেন দাসক |
কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কৈলাস কাৰ্তিকক গুৱাহাটী বায়’টেক পাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply