শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা GDCLৰ অধীনত চলি গাড়ী সমূহে কৰ নিদিয়াৰ বাবেই জিলা পৰিবহন বিভাগে অভিযান চলাই।
পৰিবহন বিষয়া, দণ্ডাধীশৰ নেতৃত্বত চলা এই অভিযানত ৩ খনকৈ ডাম্পাৰ ১খন কাটাৰ পিলাৰ নামৰ নিৰ্মানকাৰ্য্যৰ লগত ব্যৱহৃত গধূৰ বাহন জব্দ কৰিছে বিভাগে ৷
পৰিবহন সুত্ৰে জানিবলৈ দিয়া মতে প্ৰায় ৯০লাখৰো অধিক কৰ দিবলৈ বাকী আছে GDCL ৰ অধীনস্থ বাহন সমুহে
উল্লেখ্য যে জাঁজীৰ পৰা শিৱসাগৰৰ ডিমৌ লৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লাভ কৰিছিল গেমন ডাংকেলী কৰ্পৰেশ্বন লিমিটেডে চমুকৈ ৷GDCL
ইয়াৰ উপৰিও GDCL য়ে উপ ঠিকা দিয়া VSD নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত এতিয়াও পৰি আছে কৰ নিদিয়া প্ৰায় ৪০ খনতকৈও অধিক গাড়ী। সকলো গাড়ীয়েই জব্দ কৰিব বুলি স্পষ্ট কৰি দিছে পৰিবহণ বিভাগে ৷
জিডিচিএলৰ পৰা উপ ঠিকা লাভ কৰা ভি এচ ডিয়ে মিলি স্থানীয় যুৱ ব্যৱসায়ী সকলে যোগান ধৰা বয় বস্তু, যান বাহণৰ বাবদ পাব লগা ধন, কৰ্মচাৰীৰ দৰমহা আদায় নিদি পলায়ন কৰাৰ অভিযোগ প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে ৷