দেবাশীষ ডেকা: গুৱাহাটী মহানগৰীত ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ তথা উৰণীয়া সেতু নিৰ্মাণৰ নামত প্ৰায় ৭ হাজাৰ সৰু বৰ গছ কটাৰ কাম আৰম্ভ কৰিছে।জালুকবাৰীৰ পৰা খানাপাৰালৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।ইয়াৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বন বিভাগৰ তদাৰকত গছ কটা কাম আৰম্ভ কৰিছে। ইতিমধ্যে বন বিভাগে ৬৮২৬ জোপা গছ চিনাক্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক তালিকা জমা দিছে। এই তালিকাৰ ভিতৰত গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা ২৮২৬ জোপা গছো আছে।

কোভিদৰ প্ৰভাৱে আজি সমগ্ৰ বিশ্বকে ভয়ৰ মেৰ পাকত জুৰুলা কৰি তুলিছে । এটা সুস্থ সাধাৰণ জীৱনৰ পৰিস্থিতি কিমান পৰিমানে ভয়াবহ দিশলৈ ৰূপান্তৰ হ’ব পাৰে সেই কথা হয়তো আজি সকলোঁৱে বুজি উঠিছে । আহিব লগা দিন বোৰত সেই একেই পৰিস্থিতিৰ উমৈহতীয়া ভাৱে প্ৰকৃতিৰ উষ্ণতাৰ তাৰতম্য বৃদ্ধিয়ে ভয়াবহ ৰূপ লোৱাৰ সম্ভাবনা আহি পৰিছে । এতিয়া সমগ্ৰ বিশ্বৰ বাবে ডাঙৰ এটা সমস্যা কাৰণ হৈ উঠিছে এই গোলকীয় উষ্ণতাৰ বৃদ্ধি । বিভিন্ন ৰাষ্ট্ৰই এই ক্ষেত্ৰত নিজৰ নিজৰ পদক্ষেপ সমূহ দাঙি ধৰিছে , যদিও ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ ক্ষেত্ৰত ইয়াৰ কেনেধৰণৰ পদক্ষেপৰ পৰিকল্পনা কৰি অহা হৈছে সেইটো মন কৰিবলগীয়া কথা ।

উন্নয়নৰ দিশত গুৱাহাটী মহানগৰী খনক স্মাৰ্ট চিটি ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত ঠিক একেই ভূমিকা হাতত লৈছে ৰাজ্য চৰকাৰে, বিভিন্ন উন্নয়ন মূলক কামকাজৰ জৰিয়তে মহানগৰী খনক স্মাৰ্ট চিটিলৈ ৰূপ দিয়াৰ চেষ্টা কৰি আহিছে চৰকাৰ খনে । কিন্তু সেই একে সময়তে যাতায়তৰ বাবে ইখনৰ পাছত সিখন নিৰ্মাণ কৰি অহা উৰণীয়া সেঁতুৰ নিৰ্মাণৰ নামত কৰা বনবিধংশী কাৰ্য্যই গুৱাহাটীৰ একাংশৰ মনত আক্ষেপ কঢ়িয়াই আনিছে ।

গছ কাটিবৰ বাবে সাজু

মহানগৰৰ বন বিভাগৰ পূৱ কামৰূপ খণ্ডৰ তথ্য অনুসৰি, যোৱা দুই বছৰত মহানগৰীৰ উন্নয়ন খণ্ডত পলাশবাৰী আৰু দিছপুৰ অঞ্চলত প্ৰায় ৭০/৮০ বছৰ পুৰণি ৩০০জোপা ডাঙৰ গছৰ কটা হৈছে আৰু ৰাজ্যিক ঘাইপথ-নিৰ্মাণ (অসম মালা আঁচনি)ৰ আঁচনিৰ নামত ২৫৪ জোপা গছ কাটি ঘাইপথ সমূহ নিৰ্মাণ কৰা হৈছে । তাৰ সমান্তৰাভাৱে দিছপুৰত ১হাজাৰ ২৭ কোটি টকাৰ মূল্যত নিৰ্মাণ হৈ উঠা উৰণীয়া সেঁতুৰ নামত জি.এছ ৰোড ত ৫৪ জোপা ডাঙৰ গছকটাৰ তালিকা বনবিভাগৰ হাতত আছে । লগতে ফাঁচি বজাৰৰ সমিপত নিৰ্মাণ হোৱা মহাবীৰ উদ্যানৰ ফুট অভাৰ ব্ৰিজ খনৰ নামত প্ৰকাণ্ড ৯ জোপা গছৰ বলিদান দিয়াৰ কথা পোহৰলৈ আহে । আনহাতে ২০১৯ৰ পৰা ২০২০ চনৰ সময়চোৱাত গছৰ গুৰি লৈকে পথ নিৰ্মাণ কৰাৰ বাবে জি.এছ ৰোড আৰু জি বৰুৱা ৰোডত ৪০ জোপাৰ অধিক গছৰ আকস্মিক মৃত্যুৰ কথা পোহৰলৈ আহিছিল । সেই সময়ত এনে বোৰ খবৰ প্ৰকাশলৈ অহা নাছিল যদিও এনে বোৰ ঘটনাই বৰ্তমনলৈকে ঋণাত্মক প্ৰভাৱ পেলাইছে ।

এই বছৰৰ জানুৱাৰী মাহৰ পৰা ৫৮০ মিটাৰ দৈঘ্যৰ ৭৯ কোটি টকাৰ মূল্যৰ জো.ৰোডত নিৰ্মাণৰ কাম আৰম্ভ হোৱা উৰণীয়া সেঁতু খনৰ ক্ষেত্ৰত সেই ঠাইত থকা পায় ৫০/৬০ বছৰ পুৰণি ১২জোপা ডাঙৰ সৰু বহু গছনি কটা হৈছে । এই ক্ষেত্ৰত ৰমেশ ডেকাৰ মতে “সেঁতু খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আৰম্ভণি পৰা ফুট পাঠ বোৰ ভাগি পেলোৱাৰ বাবে সেই মানু্হ খিনিৰ যথেষ্ট সমস্যা হৈ আহিছে লগতে, গছ বোৰ কাটি দিয়াৰ বাবে মানুহৰ জিৰণিৰ আৰু তাৰে গছ এজোপাত থকা শিৱ মন্দিৰটো বৰ্তমান উঠাই আন এঠাইলৈ লৈ যোৱা কথা জানিব দিয়ে । ৰমেশ ডেকা “জু নাৰেঙ্গী ট্ৰেদাৰ ইউনিয়ন” নামৰ ব্যৱসায়ী সংস্থাৰ এজন সদস্য , তেখেতে জানিবলৈ দিয়ে যে তেখেত সকলে সেঁতু খনৰ নিৰ্মাণত কাটিব ধৰা গছ-গছনি বোৰৰ বিৰোধিতা কৰিছিল কিন্তু তেওঁ লোকৰ প্ৰতিবাদ কোনো কামৰ নাহিলে, চৰকাৰে ১২ জোপা ডাঙৰ ডাঙৰ গছ কাটি সেই স্থান টুকুৰা উকা কৰি থৈ যায় ।” চৰকাৰৰ সু পৰিকল্পনা ৰ অভাৱৰ বাবে সেই মূল্যবান গছ কেইজোপা কটাৰ সন্দেহত আজি বিভিন্ন প্ৰকৃতি প্ৰেমী । কেৱল উৰণীয়া সেঁতু খনৰ নিৰ্মাণৰ বাবেই কৰা এনে কাণ্ড ই মানৱ সমাজলৈ কঢ়িয়াই আনিছে

৩৭ নং ঘাই পথ

জু ৰোড ৰ সেই একে দৃশ্যৰ লগত সংহতি ৰাখি বৰ্তমান মহানগৰীৰ ৩৭নং খানাপাৰা ৰ পৰা জালুকবাৰী লৈকে ২২ কিলোমিটাৰ দূৰত্বৰ ঘাইপথ টোৰ ছয় লাইন সংযুক্ত কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ ফলত ২৫০০ হাজাৰ ডাল ডাঙৰ গছ আৰু অগনন ভাৱে থকা সৰু সৰু গছ কটাৰ কাম যোৱা মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছে । ৩৭ নং ঘাই পথৰ দুয়োপাৰে থকা মূল্যৱান কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, পলাশ গছবোৰ বৰ্তমান বনবিভাগৰ সন্মতিত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ অধীনৰ কাটি থকা হৈছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে প্ৰকৃতি প্ৰেমী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । “ফ্ৰাইদে ফৰ ফিওচাৰ” নামৰ প্ৰকৃতি প্ৰেমী সংগঠন টোৰ কেইজনমান সদস্যৰ দ্বাৰা বন বিধ্বংসী বিৰোদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছিল । সংগঠন টোৰ আসাদিপ বৰুৱা নামৰ এগৰাকী সদস্যৰ মতে “ আজিৰ গুৱাহাটিৰ মানু্হ খিনিয়ে হয়টো বুজা নাই এজোপা গছৰ মূল্যৰ কথা , এজোপা গছৰ মূল্যৰ কথা বুজিব পাৰিলে হে আমি সেই ২৫০০ জোপা গছৰ কথা বুজিব পাৰিম । আমি বিচাৰোঁ উন্নয়ত হওঁক, কিন্তু এনেদৰে বন ধ্বংস কৰি উন্নয়ণ লাভ কৰিলেও সেই ২৫০০ হাজাৰ গছৰ অনুপস্থিতিযে আমক ২০ বছৰ পাছত উশাহ লব নোৱাৱাৰ দৰে পৰিস্থিতিযে দেখা দিব ।”

এজন ব্যক্তিক সুস্থ ৰাখিবলৈ নিতৌ ১৭ জোপা প্ৰাপ্তবয়স্ত গছৰ অক্সিজেনৰ প্ৰযোজন হয় , সেই ক্ষেত্ৰত চৰকাৰৰ নিয়ম অনুসৰি ২৫০০ জোপা গছৰ বিনিময়ত যদিও এজোপা গছৰ দুই গুণ বেছি বৃক্ষ ৰোপন কৰা হয় তেতিয়াও সেই নিয়মীয়া অৱস্থা লৈ আহিবলৈ হয় টো আকৌ ২০/৩০বছৰ অপেক্ষা কৰিব লগীয়া হব । ঠিক সেই সময়ত প্ৰশাসনে কেনে ধৰণৰ সমাধানৰ পদক্ষেপ হাতত লয় সেইটো হে লক্ষণীয় হব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply