গোলাঘাট : ক’ভিডৰ জটিল সময়ছোৱাত অক্সিজেনৰ তীব্ৰ নাটনিয়ে বৃহৎ সমস্যাৰ সৃষ্টি কৰিছিল। অক্সিজেনৰ নাটনি নোহোৱাকৈ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱ সংঘ, গোলাঘাট জিলা সমিতিয়ে জিলাখনত গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
ঐতিহাসিক চিনাতলী বৰনামঘৰত বিষয়ববীয়া সকলে ১০০ টা মূল্যৱান সাঁচি পুলি ৰোপন কৰে। চিনাতলী বৰনামঘৰৰ পৰিচালনা সমিতিৰ পূৰ্ণ সহযোগত নামঘৰৰ চৌপাশত পুলি সমূহ ৰোপন কৰা হয়। জিলাখনত যোৱা ২ মে’ৰ পৰা বৰ্তমানলৈকে ১৮০০ গছ পুলি ৰোপন কৰাৰ লগতে পৰিকল্পিতভাৱে ৪০-৫০ জনীয়া এটা দলে পুলি সমূহ ৰক্ষণাৱেক্ষণ কৰি ডাঙৰ কৰালৈকে দায়িত্ব ল’ব বুলি অৱগত কৰে।
লগতে পঢ়ক : চাবুৱাত ডায়েটৰ উদ্যোগত এপিএছচি অনলাইন ৱেবিনাৰ সম্পন্ন
ধৰণীখন সেউজীয়া কৰি ৰাখি, প্ৰাকৃতিকভাৱে এখন সুন্দৰ সমাজ গঢ়াৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই কৰ্মসূচীৰ জৰিয়তে সকলোকে গছ পুলি ৰোপন কৰাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়া সকলে। ঐতিহাসিক চিনাতলী বৰনামঘৰত এশ টা অতি মূল্যৱান সাঁচি গছৰ পুলি ৰোপন কৰাৰ বাবে উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছে চিনাতলী বৰনামঘৰ পৰিচালনা সমিতিয়ে