যোৰহাট : বনভোজ খাবলৈ ঢাপলি মেলাৰ সময়ত অভিনৱ চিন্তাৰে চাৰি জিলা প্ৰতিনিধি সমন্বিত নিমপুলি প্ৰাকৃতিক সংস্থাৰ স্বেচ্ছাসেৱী একাংশই নামঘৰত নিম গছৰ পুলি ৰোপণেৰে ২০২১ বৰ্ষক বিদায় দিয়ে। বাহনা অঞ্চলৰ মাউত গাঁও বৰুৱা পুখুৰীৰ দুভাগ আৰু ডাঁহীখোৰ ডেকাচুক নামঘৰত ২৬ ডিচেম্বৰত প্ৰাকৃতিক সংস্থাৰ সমন্বয়সকলে পুলি ৰোপণ আৰু বিতৰণ কৰে।
সমাজকৰ্মী যুৱক প্ৰাণজিৎ গগৈৰ যোগসূত্ৰত নামঘৰৰ সেৱক গুণাৰাম হাতীবৰুৱা, যতিন গগৈ, ঘনকান্ত গগৈ, অনিল গগৈ, জয়ন্ত গগৈ, দীপক গগৈ, দিগন্ত গগৈ, মাধুৰ্য হাতীবৰুৱা আদি আগবাঢ়ি আহে। নিমপুলিৰ হৈ প্ৰকৃতিপ্ৰেমী লক্ষেশ্বৰ গগৈ, সৃষ্টিপ্ৰাণ বিনোদ গগৈ, পঞ্চায়তসেৱী প্ৰদীপ বৰাই নিমৰ ঔষধি গুণ, ভিন্ন প্ৰান্তৰ লোকৰ আন্তৰিক সমন্বয়ৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।
লগতে পঢ়ক : গণেশগুৰিৰ পৰা সন্ধানহীন এগৰাকী মহিলা
লখিমী কবি থানেশ্বৰ বৰাই জীয়াতে জীয়া মানুহে মানুহক জীৱন্তে জ্বলাই থোৱা, মৰিলে জ্বলাবলৈ একো নৰখা সন্দৰ্ভত কবিতাৰে বুজাই দিয়ে। পুলি যোগান ধৰে নয়ন পুলি ক্ষেত্ৰৰ নয়নমণি গগৈয়ে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পূৱ যোৰহাট আঞ্চলিক সমিতি আৰু স্থানীয় একাংশ লোকৰ সৈতে মত বিনিময় হয়। প্ৰকৃতি অনুৰাগী নিমপুলিৰ সমন্বয়কসকল বনভোজ খোৱাতকৈ এনেদৰে প্ৰকৃতিৰ হৈ কিছু সময় দিয়াতহে অধিক আনন্দিত হয়।