মানকাচৰ : আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে ৫ জুন তাৰিখে বিশ্ব জুৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত আজি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ক’ভিড পৰিস্থিতিৰ বাবে জিলাখনত বিশ্ব পৰিৱেশ দিৱসক লৈ কোনো সজাগতামূলক কাৰ্যসূচী এই বেলি গ্ৰহণ কৰা পৰিলক্ষিত নহয় যদিও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলা প্ৰশাসন, আছু, পঞ্চায়ত সভাপতি-সচিবে বিশ্ব পৰিৱেশ দিৱসৰ আত ধৰি জিলাখনত গছ পুলি ৰোপন কৰে।

পুৱাৰ ভাগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে এক শতাধিক গছ পুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। একেদৰে কুছনীমাৰা-জোৰডাঙা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰী বিউটি হালিমা মণ্ডল আৰু পঞ্চায়তখনৰ সচিব আকতাৰ হুছেইনৰ নেতৃত্বত আদৰ্শ পঞ্চায়তখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত দুই শতাধিক গছ পুলি ৰোপন কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আদৰ্শ গাঁও পঞ্চায়তখনত আগন্তক দিনত মুঠ ২ হেজাৰ গছ পুলি ৰোপন কৰি পঞ্চায়তখনৰ পৰিৱেশ সেউজীয়া কৰি তোলা হ’ব বুলি পঞ্চায়তখনৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলে জানিবলৈ দিয়ে।

একেদৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আছুৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাৰ সদৰ হাটশিঙিমাৰীত দুই শতাধিক গছ পুলি ৰোপন কৰা হয়। জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীৰ লগতে আছুৰ কৰ্মী সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, আৰক্ষী চকী তথা সদৰত থকা কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত বৃক্ষ ৰোপনৰ কাৰ্যসূচী ৰূপানন কৰে।

লগতে পঢ়ক : মনত দুৰ্বাৰ হেপাঁহ লৈয়ো কৰবাত যেন থমকি ৰ’ব লগীয়া হৈছে মেধাৱী প্ৰিয়ংকা

আছুৰ জিলা সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম কয় যে এটা দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন ঠাইত গছ কাটি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তদুপৰি কোনোবাই প্ৰয়োজনত যদি এটা গছ কাটে তেন্তে তেওঁ কমেও ১০ টা গছ পুলি ৰোপন কৰিলে পৰিৱেশৰ ভাৰসাম্য কেতিয়াও নষ্ট নহয়। সেই গতিকে প্ৰতিজন লোক প্ৰতি বছৰে কমেও এটা গছ পুলি ৰোপন কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply