মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পঞ্চায়তখনৰ কাৰ্যালয়ৰ উপৰিও পঞ্চায়তখনৰ অধীনত থকা বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত পাঁচ শতাধিক বৃক্ষ ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

গাঁও পঞ্চায়তখনৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলৰ নেতৃত্বত পঞ্চায়তখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত দুই সহস্ৰাধিক বৃক্ষ ৰোপণৰ পৰিকল্পনা হাতত লোৱা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা পাঁচ শতাধিক বৃক্ষ ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

আৰু পঢ়কঃ অসমৰ আটাইতকৈ অযোগ্য বিধায়ক হৈছে ৱাজেদ আলী চৌধুৰী


বৃক্ষ ৰোপনৰ কাৰ্যসূচীত পঞ্চায়তখনৰ সচিব আকতাৰ হুছেইন, সভানেত্ৰী বিউটি হালিমা মণ্ডল, এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা আনোৱাৰ ইছলাম উপস্থিত থাকি বিশ্ব পৰিৱেশ দিৱস পালন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply