নিউজ ডেস্ক- অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ২০১৮ চনতে ছিংলা কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লোকসভাত প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিলে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী ৰেণুকা সিং ছৰুতাই লোকসভাত দিয়া লিখিত বিবৃতিত অসমৰ ছয় জনগোষ্ঠী মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো সময়সীমা বান্ধি দিয়াতো সম্ভৱ নহয়।
যোৱা ২০১৬চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি গঠন কৰা ছিংলা কমিটীয়ে ২০১৮ চনৰ ২৮ ডিচেম্বৰতে প্ৰতিবেদন দাখিল কৰা বিষয়টো স্পষ্ট কৰে কেন্দ্ৰই।
কিন্তু কিয় কাৰ্যকৰী নকৰিলে তাৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে। ইয়াৰ বিপৰীতে জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী গৰাকীয়ে ছিংলা কমিটীয়ে দাখিল কৰা প্ৰতিবেদনক ‘গোপনীয়’ হিচাবে চৰকাৰী নথিভুক্ত কৰা হৈছে বুলি উল্লেখ কৰে।
মন্ত্ৰী গৰাকীয়ে আৰু উল্লেখ কৰা মতে, জনজাতিৰ মৰ্যাদা লাভৰ বাবে ইতিমধ্যে ধাৰ্য কৰা মডেলিটিসমূহ অসমৰ ছয় জনগোষ্ঠীৰ বাবে প্ৰযোজ্য নোহোৱা হেতু অন্যান্য পিছপৰা জাতিৰ মৰ্যাদা লাভ কৰি থকা অসমৰ ছয় জনগোষ্ঠীক কিহৰ আধাৰত অনুসূচীত জনজাতিৰ মৰ্যাদা দিব পাৰি তাৰ বাবেই গঠন কৰা হৈছিল কমিটীখন।
ইয়াৰ উপৰি ইতিমধ্যে জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা সকলৰ স্বাৰ্থ বিঘ্নিত নহয় সেই বিষয়টোও চোৱাৰ দায়িত্ব দিয়া হৈছিল।