ঢেকিয়াজুলি : অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ৰাজ্যিক ৭৫ তম স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত ঢেকিয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ আয়োজনত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি আৰক্ষী থানাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহি প্ৰাণাহুতি দিয়া বীৰ-বীৰাংগণা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

স্থানীয় ত্ৰিমূৰ্তি ভৱন প্ৰাংগণত পুৱা পতাকা উত্তোলন কৰে ব্লক কংগ্ৰেছৰ সভাপতি প্ৰফুল্ল ৰাভাই।নগৰ ব্লক কংগ্ৰেছৰ সভাপতি স্বদেশ ঘোষে আঁত ধৰা শ্বহীদ স্মৃতি স্তম্ভত ধূপ, চাকি প্ৰজ্বলন কৰে প্ৰদেশ কংগ্ৰেছৰ হৈ বিধায়ক বসন্ত দাস আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, জিলা সভাপতি দ্বীপেন বৰা, প্ৰাক্তন জিলা সভাপতি মাধুৰ্য গোস্বামী, দলীয় প্ৰাৰ্থী বেণুধৰ নাথ, কংগ্ৰেছ নেতা উৎপল নন্দী, অনাথ বন্ধু গুহৰায়, ৰাজেশ পাণ্ডিয়া, প্ৰশান্ত শইকীয়া প্ৰমুখ্যে দলীয় সতীৰ্থ সকলে।

লগতে পঢ়ক  : গোৰেশ্বৰত সামৰণি পৰিল কেন্দ্ৰীয় ব্ৰজনাথ শৰ্মা নাট্য সমাৰোহৰ

এক শোভাযাত্ৰাৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। শ্বহীদ মনবৰ নাথৰ নেতৃত্বত তেৰ গৰাকী বীৰ-বীৰাংগণাই প্ৰাণাহুতি দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply