গুৱাহাটী : ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভুমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে অসম চৰকাৰে। সদ্য প্রয়াত প্রাক্তন মুখ্যমন্ত্রী ডাঃ বৰ্মনৰ প্রতি সম্মান জনাই অসম চৰকাৰে ৩ দিনীয়া ৰাজ্যিক শােক পালনৰ সিদ্ধান্ত ঘােষণা কৰিছে। ১৯ এপ্রিলৰ পৰা অহা ২১ এপ্রিললৈ এই ৩ দিনীয়া ৰাজ্যিক শােকৰ সময়ছােৱাত দিছপুৰৰ জনতা ভৱনকে ধৰি নিয়মীয়াভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা সকলাে চৰকাৰী কার্যালয়-প্রতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত থাকিব।

আৰু পঢ়কঃ ডাঃ ভূমিধৰ বৰ্মন মৃত্যুত প্ৰধান মন্ত্ৰী মোদী, মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোক প্ৰকাশ

তদুপৰি এই সময়ছােৱাত সকলাে ধৰণৰ জাক-জমকতাপূর্ণ চৰকাৰী কাৰ্যসূচী তথা অনুষ্ঠানাে বন্ধ ৰখাৰ কথা অসম চৰকাৰে ঘােষণা কৰিছে। দেওবাৰে সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু ঘটা প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্রতি সোমবাৰে দিছপুৰৰ জনতা ভৱনত আনুষ্ঠানিকভাৱে শেষ শ্রদ্ধাঞ্জলি জনায় অসম চৰকাৰে। সােমবাৰে আগবেলা জনতা ভৱন চৌহদত আয়ােজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই প্রাক্তন মুখ্যমন্ত্রী ডাঃ বর্মননশ্বৰ দেহত ফুলৰ মালা অর্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত অসম বিধানসভাৰ বিৰােধী দলপতি দেবব্রত শইকীয়া, অতিৰিক্ত সঞ্চালক প্রধান (আইন-শৃংখলা) জি পি সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে সাংসদ ভুৱনেশ্বৰ কলিতা, ৰিপুন বৰা আৰু আব্দুল খালেক, প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্রাক্তন বিধায়ক বিনন্দ শইকীয়াৰ উপৰি একাধিক উচ্চপদস্থ বিষয়, জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলে প্রয়াত মুখ্যমন্ত্ৰী গৰাকীলৈ শেষ শ্রদ্ধা জনায়। অনুষ্ঠানত অসম আৰক্ষীৰ ফালৰ পৰা সম্পূর্ণ আৰক্ষী নিয়মেৰে প্ৰাক্তন মুখ্যমন্ত্রী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অর্পন কৰা হয়।

ইফালে, ইয়াৰ পূর্বে অসম বিধানসভা চৌহদতাে সদ্য প্রয়াত প্রাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ বিধানসভাৰ ফালৰ পৰা অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিধানসভাৰ বিৰােধি দলপতি দেবব্রত শইকীয়াৰ উপৰি বিধানসভা সচিবালয়ৰ হৈ বিধানসভা প্রধান সচিব সঞ্জীৱ কুমাৰ শৰ্মা আৰু অতিৰিক্ত প্রধান সচিব দুলাল পেগুৱে প্রাক্তন মুখ্যমন্ত্রী গৰাকীৰ নশ্বৰ দেহত পুস্পাঞ্জলি অর্পন কৰি শেষ শ্রদ্ধা জনায়। প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বৰ্মনৰ গৃহভূমি নলবাৰী জিলাৰ বেলশৰত মঙলাবাৰে সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে তেখেতৰ অন্ত্যেষ্টি ক্রিয়া সম্পন্ন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply