গুৱাহাটী : ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি, ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পূণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশৰ লগতে বিজেপি অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলা, ৩৯৯ টা মণ্ডল আৰু ২৮ হাজাৰ বুথ সমিতিৰ উদ্যোগত বলিদান দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে, মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয়ববীয়াকে আদি কৰি দলৰ মণ্ডল আৰু বুথ পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই “এক দেশ, এক নিচান, এক বিধান”ৰ প্ৰতিষ্ঠাৰ বাবে ড° শ্যামা প্ৰসাদ মুখাৰ্জীদেৱক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বলিদান দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে নলবাৰী জিলাৰ টিহু মণ্ডলৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তা সকলৰ উপস্থিতিত নেতাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ভাৰত কেশৰী শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ চিন্তা আৰু আদৰ্শই আমাক সদায় পথ প্ৰদৰ্শন কৰি থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে লগতে, দলৰ সকলো কাৰ্যকর্তাই ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদর্শ আৰু চিন্তাধাৰাক হৃদয়ংগম কৰাৰ লগতে সমাজৰ নৱ প্ৰজন্মৰ মাজতো তেখেতৰ মহান দেশ প্ৰেমৰ ভাৱধাৰাক দাঙি ধৰিব লাগে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণী নগৰৰ তঙ্গৰা সত্ৰত আয়োজিত বলিদান দিৱসত উপস্থিত থাকি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে, আজি এই বিশেষ দিনত দেশৰ অখণ্ডতাৰ প্ৰতি মহান অৱদান আগবঢ়াই থৈ যোৱা বৰেণ্য ব্যক্তি গৰাকীক গৌৰৱেৰে স্মৰণ কৰিছোঁ। ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা নিষ্ঠাবান কৰ্মৰাজিয়ে আমাক সদায়েই অনুপ্ৰাণিত কৰি যাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰে। তেওঁ লগতে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ “এক দেশ, এক নিচান, এক প্ৰধান” সপোনক বাস্তৱায়িত কৰিলে।

ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই বলিদান দিৱস উপলক্ষে হাৱৰাপাৰাৰ ৯ নং গাঁও পঞ্চায়তত উপস্থিত থাকি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে, দেশৰ অখণ্ডতাৰ খাতিৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদবী ত্যাগ কৰাৰ লগতে নিজৰ সৰ্বোচ্চ বলিদান দিয়াই নহয়, দেশৰ অখণ্ডতাৰ আন্দোলন যাতে দেশব্যাপী আৰু ফলপ্ৰসূ হয় তাৰ বাবে শেষ সময়লৈকে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছিল। এনে এগৰাকী ব্যক্তিৰ অনুগামী হৈ কাম কৰাটো আমাৰ সৌভাগ্য।

লগতে পঢ়ক : শোণিতপুৰৰ দোলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত কৰোনা ভেকচিন প্ৰদান

বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বলিদান দিৱস কাৰ্যসূচীত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, দলৰ জোষ্ঠ নেতা প্ৰদীপ ঠাকুৰীয়াৰ লগতে দলৰ বিষয়ববীয়াসকল উপস্থিত থাকি ড° শ্যামা প্ৰসাদ মুখাৰ্জীক সোঁৱৰণ কৰাৰ লগতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply