অভয়াপুৰীঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত যোৱা ২৬ জুলাই তাৰিখে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম-মিজোৰাম ৰাজ্যৰ সীমা বিবাদক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত মিজো দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ছয় জনকৈ জোৱান আৰু এজন সাধাৰণ লোক শ্বহীদ হ’বলগীয়া হয় ।

মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত শ্বহীদ হোৱা আৰক্ষী জোৱানসকল আৰু সাধাৰণ নাগৰিকজনৰ আত্মাৰ সদগতি কামনাৰ্থে অভয়াপুৰীত বুধবাৰে সন্ধিয়া আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

লগতে পঢ়কঃসোণাৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী যোগেন মহন

উক্ত অনুষ্ঠানত উত্তৰ শালমাৰা জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ লগতে উত্তৰ শালমাৰা জিলা আমছুৰ আন আন সদস্য সকলে শ্বহীদৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা জনাই শোক শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই মৌনতা অৱলম্বন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ লগতে আমছুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply