গুৱাহাটী – চুবুৰীয়া ৰাজ্য পশ্চিম বংগত তুংগট উঠিছে নিৰ্বাচনী যুঁজ। বৰ্তমানৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰখন এইবাৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি দলৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ পশ্চিম বংগত প্ৰচাৰ অভিযান তীব্রতৰ কৰি তোলাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিক ৰোধিবলৈ।

পশ্চিম বংগৰ বিজেপিৰ লগত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰাৰ মাজতে মমতা বেনাৰ্জীৰ দলটোৱে অসমতো নিৰ্বাচনী যুঁজ চলাই যাবলৈ কঁকালত টঙালি বান্ধিছে। অসম বিধনাসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মহাজোঁট বন্ধনে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে অসম বিধনাসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছে ১৬ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

তৃণমূল কংগ্রেছৰ ১৬ জনীয়া প্রাৰ্থী তালিকা তলত দিয়া ধৰণে :

১) হাইলাকান্দি : ছফিকুল কমল বাৰলস্কৰক।
২) সোণাই : এম শান্তি কুমাৰ সিংহা।
৩) গোলকগঞ্জ : ছহিদুৰ ৰহমান।
৪) বিলাসিপাৰা পশ্চিম : আব্দুৰ ৰেজাক শ্বেইখ।
৫) অভয়াপুৰী উত্তৰ : আছৰাফুল ইছলাম।
৬) পূব গোৱালপাৰা : ছেইখ এম ডি জিয়াউল হক।
৭) পশ্চিম গোৱালপাৰা : নিজাম উদ্দিন।
৮) জলেশ্বৰ : আবতাবুল আমবিয়া মলাহ।
৯) জনিয়া: আব্দুল জলিল তালুকদাৰ
১০) সৰুক্ষেত্রী : ছৈয়দ জেহৰুল ইছলাম।
১১) চেঙা : আব্দুল গনি।
১২) বকো : গোপীনাথ দাস।
১৩) নলবাৰী : গোপী বৰুৱা।
১৪) দলগাঁৱ : এম ডি আব্দুল কাছেম।
১৫) যমুনামুখ : ৰেজৱাৰ আহমেদ।
১৬) লামডিঙ : টুটু আচাৰ্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply