দেশত এতিয়া কোৰোনাৰ ডাবল মিউটেন্টে নহয়, এতিয়া কৰোনা ভাইৰাছৰ ট্ৰীপল মিউটেন্ট ভেৰিয়েন্টৰ প্ৰকোপ বাঢ়িছে। বহু ৰাজ্যত ট্ৰীপল মিউটেন্ট সংক্ৰমণ ভয়ানক ৰূপে বিয়পিছে। খুব শক্তিশালী এই ভেৰিয়েন্ট।
কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ লোৱাৰ সময়তে এই ভাইৰাছে পুনৰ ৰূপ সলোৱাৰ কথা প্ৰকাশ কৰিছে চিকিৎসা বিজ্ঞানীসকলে। ভাৰতত কোৰোনাৰ দ্বিতীয় ঢৌত ভাইৰাছটোৰ দুটা প্ৰকাৰ একত্ৰিত ৰূপ বা ডাৱল মিউটেশ্বনৰ ফলত দেশত বিশেষকৈ মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিমবংগ আদিত বৰ্তমান সংহাৰী ৰূপ লৈছে ।
শেহতীয়াকৈ বিজ্ঞানীসকলে ইয়াৰ ট্ৰিপল মিউটেশ্বন বা তিনি প্ৰকাৰৰ কোৰোনা ভাইৰাছৰ ৰূপৰ কথা প্ৰকাশ কৰিছে ।
মেকগিল বিশ্ববিদ্যালয়ৰ ভাইৰাছ বিশেষজ্ঞ ড° মধুকৰ পাইয়ে প্ৰকাশ কৰা মতে, কোৰোনা ভাইৰাছৰ নতুন ৰূপে বিশেষ ভাবে ক্ষতি কৰাৰ সম্ভাবনা আছে, এই ভাইৰাছে খুউব কম সময়ৰ ভিতৰতে আক্ৰান্তক গুৰুত্বৰ অৱস্থালৈ লৈ যায় ।
বিশেষজ্ঞ গৰাকীৰ মতে, কোৰোনাৰ দ্বিতীয় ৰূপ ধৰা পেলোৱাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট পলম কৰিলে যাৰ বাবে ইয়াৰ সংক্ৰমণে ভয়ানক ৰূপ লৈছে । এতিয়া তৃতীয় ৰূপ সম্পৰ্কে গৱেষণাৰ অন্তত হে জানিব পৰা যাব ইয়াৰ ভয়াৱহতাৰ সম্পৰ্কে ।