দেৰগাঁও: পুৱতিনিশা ট্ৰাকে ঘৰৰ ভিতৰত গৈ মহতিয়াই নিয়াৰ ফলতেই শুই থকা অৱস্থাতে এগৰাকী মহিলাৰ মৃত্যু হয়।
দেৰগাৱঁৰ সমীপৰ বালিজানত পুৱতি নিশা সংঘটিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনা।
ব্ৰইলাৰ কঢ়িয়াই অনা ১২চকীয়া ট্ৰাকৰ চকা ফুটি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে পথৰ কাষৰ হোটেলখন।
তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই সোমালগৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হোটেল খনত।
এই ঘটনাত থিতাতে নিহত হোটেলখনৰ ভিতৰত শুই থকা জ্যোতি বৰুৱা নামৰ ৬০বছৰীয়া মহিলাগৰাকী
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে।