বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজানত বিলাতী সুৰাৰ বটলৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। বিজেপি নেতৃত্বাধীন চৰকাৰে অবৈধভাৱে জব্দ কৰা প্ৰায় ৩০ হাজাৰ লিটাৰ বিলাতী সুৰাৰ বটল বুলড’জাৰ চলাই ধ্বংস কৰে।
বিগত সময়ত বোকাজানৰ আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰে প্ৰায় ৩০ হাজাৰ লিটাৰ বিলাতী সুৰা। ইয়াৰে ১০,১২৪ লিটাৰ হুইস্কী আৰু ২০,২৯৪ লিটাৰ বিয়েৰ। জব্দ কৰা অধিক সংখ্যক মেঘালয় আৰু অৰুণাচলৰ পৰা অহা সুৰা।
মঙলবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বুলড’জাৰ চলাই ধ্বংস কৰা সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫৮লাখ ৩৯ হাজাৰ টকা।
এজন জ্যেষ্ঠ ৰাজ্যিক আবকাৰী বিষয়াই কয়, “২০১৮ ৰ পৰা ২০২১ চনৰ ভিতৰত অবৈধ সুৰা জব্দ কৰাৰ বিৰুদ্ধে অসম আবকাৰী বিভাগে মুঠ ১৯ টা গোচৰ ৰুজু কৰিছিল। আমি সুৰাৰ অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত ৰাখিম” ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২ আগষ্টত ৰাজ্যৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক চুবুৰীয়া ৰাজ্যখনত তৈয়াৰ কৰা সুৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি অসম-অৰুণাচল প্ৰদেশ সীমান্তত অস্থায়ী চেক-পইণ্ট স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল।