গুৱাহাটীঃ অসমৰ বৰেণ্য ঢোলৰ ওজা, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক, লোকশিল্পী তুলসী ওজাৰ দেহাৱসান।
শনিবাৰে পুৱা গুৱাহাটীৰ বি.বৰুৱা হস্পিতেলত শেষ নিশ্বাস ত্যাগ কৰে মহান শিল্পী গৰাকীয়ে।
জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ২২ জুনৰ পৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল শিল্পী গৰাকী।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
লোকশিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী , এজন পুত্ৰ, বোৱাৰী নাতি-নাতিনীৰ সৈতে অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে।
শিল্পীগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰিছে।