নিউজ ডেস্ক : বিপদ বাঢ়ি আহিছে মাইক্ৰ’ ব্ল’গিং প্লেটফৰ্ম টুইটাৰৰ। দেশৰ নতুন আইটি নিয়ম অনুসৰণ নকৰাৰ বাবে ভাৰতত এতিয়া টুইটাৰে আইনী সুৰক্ষাৰ আধাৰ হেৰোৱাব লগা হৈছে।
উল্লেখযোগ্য যে ভাৰত চৰকাৰে টুইটাৰক নতুন আইটি নিয়ম অনুসৰণ কৰিবলৈ আৰু কোম্পানীটোত ভাৰতীয় বিষয়া নিয়োগ কৰিবলৈ বাৰম্বাৰ কৈ আহিছিল।
এই মাহৰ আৰম্ভণিতে চৰকাৰে টুইটাৰক নতুন আইটি নিয়ম অনুসৰণ কৰিবলৈ ‘চূড়ান্ত সতৰ্কবাণী’ জাৰি কৰিছিল। কিন্তু ইয়াৰ পিছতো কোম্পানিটোৱে ভাৰত চৰকাৰৰ নিৰ্দেশনা উপেক্ষা কৰি আহে।
লগতে পঢ়ক : কোভিড-১৯ভেকচিন লোৱাৰ পূৰ্বে অনলাইন পঞ্জীয়ন কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক নহয়
উল্লেখযোগ্য যে যোৱা ২৬ মে’ৰ পৰা দেশত নতুন আইটি নিয়ম কাৰ্য্যকৰী কৰা হৈছিল।
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে বুধবাৰে এক টুইট যোগে কয় যে টুইটাৰে বহুকেইটা সুযোগ লাভ কৰাৰ পাছতো ইচ্ছাকৃতভাৱে ২৬ মে’ৰ পৰা কাৰ্য্যকৰী হোৱা আই টি নিয়ম অনুসৰণ নকৰাৰ পথ বাছি লৈছিল।
আনহাতে মঙলবাৰে টুইটাৰৰ এগৰাকী মুখপাত্ৰই কয় যে কোম্পানিটোৱে নতুন নিয়ম মানি চলিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই বিষয়ে তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ক তেওঁলোকে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ বিষয়ে অৱগত কৰি আহিছে।
ভাৰত চৰকাৰৰ শেহতীয়া তথ্য মতে ভাৰতত বৰ্তমান প্ৰায় ১.৭৫ কোটি টুইটাৰ ব্যৱহাৰকাৰী আছে।