সোণাৰিঃ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত ড্ৰাগছ সহ দুজনক আটক। লগতে ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ ড্ৰাগছ সেৱন কৰা বিভিন্ন আহিলা ।

আটকাধীন দুই ব্যক্তি ক্ৰমে ৰোণাল আলী আৰু মইনা থাপা। চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত চলোৱা অভিযানত আটক ব্যক্তি দুজন।

মন কৰিবলগীয়া যে চৰাইদেউ অসম-নগালেণ্ড সীমান্তৰ নামতোলা এতিয়া অসামাজিক কাৰ্যকলাপৰ লগতে নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় স্থলীত পৰিণত হৈছে।

বিভিন্ন সময়ত আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও সমাজ বিৰোধী চক্ৰই আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অব্যাহত ৰাখিছে অসামাজিক কাৰ্যকলাপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply