বৰপেটা: জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে বৰপেটা জিলাৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে।
দেওবাৰে অসম আৰক্ষীৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দি কয় যে যোৱা শনিবাৰে নিশা বৰপেটাৰ সৰভোগৰ পৰা লোক কেইজনক আটক কৰা হৈছিল।
ধৃত লোক দুজনক আকবৰ আলী আৰু আবুল কালাম বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সম্পৰ্কত এগৰাকী আৰক্ষীয়ে বিষয়াই কয়, ‘’গোটেই নিশা ধৰি জেৰা চলোৱাৰ অন্তত দেওবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।‘’
পিছত স্থানীয় এখন আদালতে অভিযুক্ত লোক দুজনক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে জনায়।
লগতে পঢ়ক – নিমিষতে ধূলিসাৎ নয়ডাৰ আকাশচুম্বী ছুপাৰটেক টুইন টাৱাৰ