ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ নামত অসমত কোটি টকাৰ জুৱাৰ বজাৰ চলি থকা বুলি বিভিন্ন সময়ত বাতৰি প্ৰকাশ পাই থকাৰ মাজতে নগাঁও আৰক্ষীয়ে দুজন লোকক জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ধৃত লোক দুজনৰ পৰা ৯,৩২,৬০০ টকা উদ্ধাৰ কৰে বুলি নগাঁও আৰক্ষী থানাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি নগাঁও সদৰ আৰক্ষী থানাৰ এটা দলে সোমবাৰে নিশা নগাঁও নগৰৰ এটা ঘৰৰ পৰা হুচনি মুবাৰক নামৰ জুৱাৰ এজেণ্ট গৰাকীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত মুবাৰকে ৰাজস্থানৰ বিকানেৰৰ ললিত দাগা নামৰ এজন লোক নগাঁৱত চলি থকা এই জুৱা চক্ৰৰ মাষ্টাৰমাইণ্ড বুলি স্বীকাৰ কৰে। উক্ত লোকজনে যোৱা কেইবাবছৰৰ পৰা নগাঁৱৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কাম কৰি আহিছে বুলি মুবাৰকে জনায়।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দাগাক গ্ৰেপ্তাৰ কৰাৰ লগতে নগৰখনৰ এটা ঘৰৰ পৰা ৯,৩২,৬০০ টকা আৰু চিম কাৰ্ডৰ সৈতে ৪টা মোবাইল ফোন জব্দ কৰে।

মঙলবাৰে মুবাৰক আৰু দাগাক জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply