মঙলদৈ : দুই ছাত্ৰীক অশ্লীল ইংগিত দি অটো চালক গ্ৰেপ্তাৰ। অটো চালক মুকুল আলীয়ে অশ্লীল ইংগিত দিয়া ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি গ্ৰেপ্তাৰ ঋতুৰাজ ডেকা। ভিডিঅ’ ৰেকৰ্ড কৰিছিল এগৰাকী ছাত্ৰীয়ে। অটো চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভিডিঅ’ প্ৰেৰণ কৰিছিল বন্ধুলৈ।
বন্ধু ঋতুৰাজ ডেকাই কিন্তু অটো চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ’ আপলোড কৰিলে সামাজিক মাধ্যমত। দৰং আৰক্ষীৰ আইটি চেলৰ দৃষ্টি গোচৰ হোৱাত আৰম্ভ হয় তদন্ত আৰু জালত পৰে ভিডিঅ’ আলপোড কৰা যুৱক ঋতুৰাজ ডেকা। ঋতুৰাজ ডেকাৰ পিছত অশ্লীল ইংগিত অটো চালকো পৰে আৰক্ষীৰ জালত।
কিছুদিন পূৰ্বে মঙলদৈ চহৰৰ পৰা দুই ছাত্ৰী নিজৰ ঘৰলৈ যোৱাৰ বাবে উঠিছিল মুকুল আলীৰ অটোত। মুকুল আলীয়ে দুয়ো গৰাকী ছত্ৰীক নিজৰ লগত আগৰ ফালে বহুৱাই দুয়ো গৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিছিল। এই সমগ্ৰ দৃশ্য এগৰাকী ছাত্ৰীয়ে নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল।
অটো চালক মুকুল আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ছত্ৰী গৰাকীয়ে ভিডিঅ’ বন্ধুলৈ প্ৰেৰণ কৰিছিল। কিন্তু বন্ধু ঋতুৰাজ ডেকাই অটো চালক মুকুল আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে এই ভিডিঅ’ আপলোড কৰে সামাজিক মাধ্যমত।
লগতে পঢ়ক : চতিয়াৰ ইটাখোলাৰ খেৰবাৰীত ঝুমুৰ নৃত্য প্ৰতিযোগিতা
পৰৱৰ্তী সময়ত দৰং আৰক্ষীৰ আইটি চে’লৰ দৃষ্টি গোচৰ হোৱাত আৰক্ষীয়ে তদন্ত চলাই ঋতুৰাজ ডেকাক গ্ৰেপ্তাৰ কৰে। ঋতুৰাজ ডেকাৰ পিছতে আৰক্ষীয়ে অটো চালক মুকুল আলীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দুয়োকে জেল হাজোতলৈ প্ৰেৰণৰ কৰিছে।