বৰপেটা : নকল সোণৰ নাওসহ পুনৰ দুজন পৰিল আৰক্ষীৰ জালত। বৰপেটাৰোডত নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ধৃত যুৱক দুজন লখিমপুৰ জিলাৰ।

বৰপেটা জিলাৰ ৰপেটাৰোডত নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আহি বৰপেটাৰোড আৰক্ষীৰ জালত পৰিল দুজন যুৱক। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৰপেটাৰোড আৰক্ষীয়ে যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰক্ষীৰ এটা দলে সামৰিক আৰু অসামৰিক পোচাকত অভিযান চলাইছিল। বৰপেটাৰোড ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গা চাইনবোৰ্ডৰ ওচৰৰ পৰা এটা নকল সোণৰ নাওসহ দুজন যুৱকক আটক কৰে আৰক্ষীৰ দলটোৱে।

লগতে পঢ়ক –  অনলাইন ক্লাছ নকৰাকৈ প্ৰথম বিভাগত উত্তীৰ্ণ এজন দৰিদ্ৰ ছাত্ৰ

ধৃত যুৱক দুজন ক্ৰমে লক্ষিমপুৰ জিলাৰ নাওবৈচা থানাৰ অন্তৰ্গত বৰগোলা গাঁৱৰ বাবুল হুছেইন আৰু বিহপুৰীয়াৰ ছিৰাজুল হক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা নাওখনৰ ওজন আনুমানিক ১.৫ কিলোগ্ৰাম বুলি আৰক্ষীয়ে জানিব দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply