কৰিমগঞ্জঃ কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীথানাৰ অন্তৰ্গত অসীমগঞ্জত হেৰ’ইন জব্দ।
আৰক্ষীয়ে এখন গাড়ীৰ পৰা হেৰ’ইন ভৰ্ত্তি ২৭টা চাবোনৰ কেচসহ দুজন লোককো আটক কৰে।
জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ ২৯৭গ্ৰাম।
লগতে পঢ়কঃসদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ধৰ্মঘট কাৰ্যসূচী
আটকাধীন লোক দুজন চইফ উদ্দিন আৰু তাজ উদ্দিন।
পাথাৰকান্দি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিত বসুমতাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।