নগাঁও : অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। ৰূপহীহাটত অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰে আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ।

এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰূপহীহাটত অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপস্থিতিত ভাঙি চুৰমাৰ কৰা হয় বিলাতী সুৰাৰ কাৰ্টুন। আৰক্ষীৰ এই অভিযানত প্ৰায় ৩৫ কাৰ্টুন অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে দুই ব্যৱসায়ীক আটক কৰা হয়।

লগতে পঢ়ক :  ডিব্ৰুগড়-তিনিচুকীয়া জিলা বন্ধত মৰাণ-মাৰ্ঘেৰিটাত বন্ধৰ প্ৰভাব সৰ্বাত্মক

ধৃত ব্যৱসায়ী দুজন দিলীপ মোদক আৰু ছুটু পাল। দুয়ো দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰাংভাৱে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। উল্লেখ্য যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত সুৰা ব্যৱসায়ী দিলীপ আৰু ছুটুৱে নিজ হাতে ভাঙিব লগা হ’ল নিজৰ অবৈধ সুৰাৰ কার্টুন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply