কাকপথাৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক সোনজান গাঁওৰ দুজনকৈ কিশোৰৰ হাতত মাৰনাস্ত্ৰ লৈ থকা ফটো চছিয়েল মিডিয়াত ভাইৰলে হৈ পৰাৰ পিছতে তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ কাকপথাৰ অঞ্চলত৷
সোনজান গাঁৱৰ অসীম মৰাণ (১৮) আৰু মুকুট মৰাণ(১৯) নামৰ কিশোৰ দুজনে লকডাউন চলি থকাৰ পৰিপেক্ষিতত কামৰ সন্ধানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

তেতিয়াৰে পৰা ছাত্ৰ দুজনে পৰিয়ালৰ লগত কোনোধৰণৰ যুগ-সুত্ৰ নৰখাৰ কথা জানিবলৈ দি অলপতে ছ’চিয়েল মিডিয়াত ছাত্ৰ দুজনে সেনাৰ পুছাক পৰিধান কৰি হাতত মাৰনাস্ত্ৰ লৈ থকা ফটো দেখিবলৈ পাই পৰিয়াল দুটা আচম্বিত হৈ পৰে।
ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অসীম মৰাণৰ লগতে আধাতে পঢ়া সামৰা মুকুট মৰাণক পৰিয়ালৰ ওচৰলৈ পঠিয়াই দিবলৈ কিশোৰ দুজনৰ মাতৃ দুয়োগৰাকীয়ে কান্দি কান্দি আহ্বান জনায়৷
লগতে পঢ়ক : কাজি নেমুৰ খেতিৰে স্বাৱলম্বী সোণাৰি চফ্ৰাইৰ যুৱক প্ৰশান্ত দত্ত
লগতে যদি আলফা(স্বা)ত যোগদান কৰিছে তেন্তে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁলোকক নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা লবলৈ কাতৰ আহ্বান জনায় অসীম মৰাণৰ পিতৃ-মাতৃ প্ৰদীপ মৰাণ আৰু সবিতা মৰাণৰ লগতে মুকুট মৰাণৰ পিতৃ-মাতৃ যতিন মৰাণ আৰু চফলা মৰাণে ৷
কিশোৰ দুজনে আলফা(স্বা)ত যোগদান কৰিলে নে কোনো বেলেগ অশুভ শক্তিৰ হাতত বন্দি হৈ এনে ফটো ভাইৰেল কৰিছে সেইয়া আৰক্ষীৰ অনুসন্ধান বা আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা স্পষ্টিকৰণত হে পোহৰলৈ আহিব ৷