নিউজ ডেস্ক: পুনৰ অসমবাসীক গৌৰাৱান্বিত কৰি কাঞ্চনজংঘাৰ শীৰ্ষত দুই অসমীয়া। অদম্য সাহসী দুই অসমীয়া যুৱক ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়।
কাঞ্চনজংঘা জয় কৰি দুই অসমীয়াই উৰুৱালে ত্রিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা। অসম পৰ্বতাৰোহী সংস্থাৰ হৈ অভিযানত নামিছিল ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে।
দুয়োগৰাকী পৰ্বতাৰোহীক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল মুঠ ৫ গৰাকী পৰ্বতাৰোহী। দলটোত আছিল ক্ৰমে ডাঃ জগদীশ বসুমতাৰী, উপেন চক্রৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শেখৰ বৰদলৈ।
মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ আনুষ্ঠানিকভাৱেফ্লেগ অফ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসম ভ্ৰমণৰ সময়ত কাঞ্চনজংঘাৰ সৌন্দৰ্যক প্ৰকৃতিৰ এক অনন্য সৃষ্টি বুলি দলটোক শুভেচ্ছা জ্ঞাপন কৰিছিল। এই অভিযানত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সমৰ্থন লাভ কৰিছিল।
ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছিল মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩।