যোৰহাটঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল দুই অসম সন্তান। যোৰহাটৰ দুই যুৱ প্ৰতিভাৱান মৃগাঙ্ক মাইনা আৰু পূৰৱ শৰ্মাই ৰামেশ্বৰমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।
যোৰহাটৰ এন.জে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত চুটি ছবি ”অনীহা”ৰ বাবে দুই যুৱকে লাভ কৰিছে এই সন্মান।
এই চুটি ছবিখনে ফিল্ম ফেষ্টিভেলখনত Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।
যোৱা ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰ দিনা মুক্তি পোৱা “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত ।
এটা গছ পুলি ৰুবৰ বাবে মানুহে যি অনীহা বা অনাদৰ প্ৰদৰ্শন কৰে তাকে ছবিখনত পৰিচালকে প্ৰকাশ কৰিছে।
এই ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা, পায়েল শৰ্মাই।
ছবিখনৰ পৰিচালক পূৰৱ শৰ্মা যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীত অধ্য়য়ন কৰি আছে।