ছয়গাঁও : চোৰৰ ১০ দিন, গৃহস্তৰ ১ দিন৷ সেই কথাষাৰেই যেন পুনৰ সত্যলৈ প্ৰমানিত হ’ল এজন ব্যৱসায়ীৰ ক্ষেত্ৰত৷ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ কানহাৰা গাঁৱৰ আব্দুল হক নামৰ তামোল ব্যৱসায়ী এজনে চোৰৰ উপদ্ৰৱৰ ফলতেই ঘৰত সংস্থাপণ কৰিছিল চি চি টিভি কেমেৰা। কিন্তু চতুৰ চোৰে প্ৰথমে চি চি টিভি কেমেৰা বিকল কৰি খিৰিকী ভাঙি ব্যৱসায়ী আব্দুল আলীৰ ঘৰত সোমাল শুকান তামোল লুট পাট কৰিবলৈ ধৰে৷

চি চি টিভি কেমেৰা বিকল হোৱাৰ লগে লগেই ব্যৱসায়ীজনে শোৱাপাটিৰ পৰা উঠি হাতে-লোটে ধৰা পেলালে দুটাকৈ গভাইত চোৰক৷ উল্লেখ্য যে, তামোলৰ ব্যৱসায়ী আব্দুল হকৰ ঘৰত ইয়াৰ পূৰ্বেও বহু কেইদিন চুৰিকাণ্ড সংঘটিত কৰিছিল এই দুই চোৰে৷ লুটি নিছিল ৫ লক্ষাধিক টকাৰ শুকান তামোল৷

লগতে পঢ়ক :  নলবাৰীৰ দীপ্তাত ২০০ লিটাৰ কেৰাচিন তেল জব্দ

শনিবাৰে নিশা প্ৰায় ২ বজাত চি চি টিভি কেমেৰা বিকল কৰি পুৰ্বৰ দৰে ঘৰৰ খিৰিকী ভাঙি ঘৰত প্ৰৱেশ কৰাৰ লগে লগেই হাতে-লোটে ধৰা পেলায় হাফিজুৰ ৰহমান আৰু মান্নান আলী নামৰ গভাইত চোৰ দুজনক৷ পিছত ধৃত চোৰ দুটাক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই গতাই দিয়ে গৰৈমাৰী আৰক্ষীক৷ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply