মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত আজি BSFৰ বাহন দুর্ঘটনাগ্ৰস্ত হয়। ঝাউডাঙ্গা BSF কেম্পৰ ওচৰত থকা এখন বিলত পৰিল বাহনখন। ইমানেই ভয়ংকৰ আছিল যে গাড়ীসহ দুজন জোৱান বিলৰ তলত সোমাই পৰে। দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত গাড়ীখন উদ্ধাৰ হয়। পিছত BSF জোৱান দুজনৰ এজনৰ মৃতদেহ উদ্ধাৰ হয় আনজনৰ অভিযান চলি আছে।

৪৫ নং বেটেলিয়ান বি এছ এফে মানকাচৰৰ কামাখ্যাবাৰী বি এছ এফ কেম্প আৰু গদলিগাঁও বি এছ এফ কেম্পত কেইবাটাও বি এছ এফ কেম্পৰ জোৱানসকলে সমূহীয়া ভাবে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰি আছিল।

হোলীৰ আনন্দৰ পাছতেই জোৱানসকলে সীমান্তত পেট্ৰলিং আৰম্ভ কৰে। তেনে সময়তে দিনৰ ভাগত বি এছ এফৰ এ এছ ০১ ডব্লিউ ১৭০৮ নম্বৰৰ জিপচি বাহনখনত চালক জোৱানসহ ৫ বি এছ এফ জোৱান সীমান্তত পেট্ৰলিং কৰি থকা অৱস্থাত সীমান্তৰ ঝাওডাঙ্গা বি এছ এফ কেম্প এলেকাত বাহনখন দুৰ্ঘটনাগ্ৰস্থ হয়।

বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত পৰি যায়। বাহনখনত থকা ৩জোৱান কোনোমতে বাহনখনৰ পৰা প্ৰাণ ৰক্ষা পৰে যদিও দুই জোৱানসহ বাহনখনৰ সৈতে বিলৰ মাজত সোমাই পৰে ।

বিয়লিৰ ভাগত ধৰ্মেন্দৰ নামৰ বি এছ এফ জোৱানৰ মৃতদেহ উদ্ধাৰ হয় যদিও আনজন জোৱানৰ উদ্ধাৰ চলাই ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply