বাক্সা : বড়োভূমিত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ইউ এল বিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে। নিশা বাক্সা জিলাৰ কেইবাটাও অঞ্চলত ইউ এল বিৰ সদস্যৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান।
বাক্সা জিলাৰ গোৰেশ্বৰ, নাগ্ৰীজুলি, কুমাৰীকাটা আৰু শুৱাগপুৰত ইউ এল বিৰ সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলায়। অভিযানত দুজনকৈ ইউ এল বিৰ সদস্যক আৰক্ষীয়ে আটক কৰে।
আটকাধীন সদস্য দুজন ওদালগুৰি জিলাৰ দেউচুঙাৰ দীপক থাপা আৰু বাক্সাৰ দাউৰাঝাৰ গৈৱাৰীৰ দাংচৌৰাং বসুমতাৰী ওৰফে চেৰ্পা।অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে ১টা গ্ৰেণেড, ৭টা মোৱাইল, ধনদাবী পত্ৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী।
লগতে পঢ়ক : কংগ্ৰেছৰ এটি সঁজাতি দলে সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক
বৰ্তমান গোৰেশ্বৰ আৰক্ষীয়ে আটকাধীন ইউ এল বিৰ সদস্য দুজনক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য পৃথক বড়োভূমি গঠনৰ দাবীত বড়োভূমিত নতুনকৈ এই উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছে।