দক্ষিণ শালমাৰা : অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত ভুৱা প্ৰমাণ পত্ৰ জমা দি ৰঙা ঘৰৰ আলহী দুই প্ৰাৰ্থী। অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা দিবলৈ আহি ভুৱা প্ৰমাণ পত্ৰ জমা দিয়া প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযান চলাই দুদিনত মানকাচৰ আৰক্ষীয়ে দুজন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ চমৰাশালীস্থিত ২৬ নং অসম আৰক্ষীৰ বেটেলিয়ান কেম্পৰ পৰা মানকাচৰ আৰক্ষীয়ে দুজন প্ৰাৰ্থীক জাল প্ৰমাণ পত্ৰ দাখিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত বাতৰি মতে মানকাচৰ আৰক্ষীয়ে জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ পাটাকাটা গাঁৱৰ বক্কাৰ আলীৰ পুত্ৰ মইনুল হকক মেট্ৰিক উত্তীৰ্ণৰ জাল প্ৰমাণ পত্ৰ দাখিল কৰাৰ অপৰাধত আটক কৰি জেৰা চলাই আছে। ইফালে মানকাচৰ আৰক্ষীয়ে জিলাখনৰ সুখচৰ থানা এলেকাৰ ভূতিয়াডাঙ্গা গাঁৱৰ সুৰুত জামাল শেখৰ পুত্ৰ নাছিৰ উদ্দীনক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰাত আদালতে তেওঁক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। প্ৰাৰ্থীজনে ভুৱা আই টি আই পাছ প্ৰমাণ পত্ৰ দাখিল কৰিছিল বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে।

লগতে পঢ়ক :  কৃষি ভূমি শ্ৰেণী পৰিৱৰ্তন কৰি বনিয়াই গঢ়ি তুলিছে কল কাৰখানা

বিগত দুদিনত দুজনকৈ প্ৰাৰ্থী এইদৰে ভুৱা প্ৰমাণ পত্ৰৰে অসম আৰক্ষীৰ পৰীক্ষা দিবলৈ আহি ৰঙা ঘৰৰ আলোহী হ’বলগীয়া হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানকাচৰ আৰক্ষীয়ে দুজন প্ৰাৰ্থীক ভুৱা নথি পত্ৰসহ গ্ৰেপ্তাৰ কৰিছে যদিও প্ৰাৰ্থী দুজন কৰ পৰা কেনেকৈ এই ভুৱা প্ৰমাণ পত্ৰ খিনি সংগ্ৰহ কৰিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তৰ পাছত সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply