ডিফু : চুৰিৰ গাড়ীসহ দুজন গাড়ী চোৰ গ্ৰেপ্তাৰ। কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে চুৰিৰ গাড়ীসহ দুজন গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া‌ জিতু মনি ডেকাৰ নেতৃত্বত চলাইছিল এক অভিযান।

মাঞ্জা আৰক্ষীৰ এটা দলে মাঞ্জাত এখন বগা ৰঙৰ চুৰিৰ গাড়ীসহ দুজন গাড়ী চুৰক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে যোৱা ২২ অক্টোবৰত আই চি চি পিত নাকা তালাচীৰ সময়ত আৰক্ষীয়ে বগা ৰঙৰ কিয়া সেলট্টচ এএচ-০১-ইই-৫৫৮৮ নম্বৰ চুৰিৰ গাড়ীখন জব্দ কৰে।

লগতে পঢ়ক :  ৰাজ্যত নতুনকৈ ৩৪৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত; ৩জনৰ মৃত্যু

আৰক্ষীয়ে গাড়ীখনৰ লগতে মণিপুৰৰ টিউনেম গাঁৱৰ এল এইচ ৰিংখামী আৰু উখৰুলৰ এল এইচ মায়ুনমিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত গাড়ীখন চুৰিৰ বুলি জানিবলৈ দিয়ে চোৰ দুজনে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply