সোণাপুৰ : সোণাপুৰত আজি জব্দ কৰা হয় গৰু ভৰ্তি দুখন। গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰা গৰু ভৰ্তি বাহন দুখনত আছিল ১৪ টাকৈ গৰু আছিল। গাঁওৰক্ষী বাহিনীয়ে গৰু ভৰ্তি বাহন দুখন সোণাপুৰ আৰক্ষীক চমজাই দিয়ে। মেঘালয়ৰ ফালে গৈ অবস্থাত গৰু ভৰ্তি বাহনদুখন জব্দ কৰে।
দেওবাৰে পুৱতি নিশা চাৰিখন গৰু ভৰ্তি বাহন মেঘালয়ৰ দিশে গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই ইয়াৰ দুখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আন্ধাৰৰ সুযোগ লৈ বাকী দুখন বাহন আৰু গৰু জব্দ হোৱা বাহন দুখনৰ চালকো পলায়ন কৰে।
সোণাপুৰ অঞ্চলৰ অসম-মেঘালয় সীমান্তৱৰ্তী আপ্ৰিকলাত গাঁও ৰক্ষা বাহিনীয়ে অভিযান চলাই মেঘালয়ৰ দিশে গৈ থকা গৰু ভৰ্তি বাহন দুখন জব্দ কৰে। গৰু ভৰ্তি বাহন দুখনৰ নম্বৰ হৈছে এএছ-২১-চি-৫৭২৮ আৰু এএছ-০১-এলচি-২০১৭।
গাঁওৰক্ষী বাহিনীয়ে গৰু ভৰ্তি বাহন দুখন সোণাপুৰ আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে সোণাপুৰৰ অসম-মেঘালয় সীমান্তৰ অঞ্চল সমূহৰে একাংশ লোকে মেঘালয়লৈ চোৰাংভাৱে গৰু সৰবৰাহ চলাই থকা অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক– নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ পাট কাপোৰ