নগাঁও : ভেজাল ঔষধ বিক্ৰী কৰিবলৈ আহিল জালত পৰিল দুজন। ১২ হাজাৰ টকাৰ ভেজাল ঔষধ বিক্ৰী কৰিবলৈ আহিছিল দুজন লোক। ধৃত লোক দুজনক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
নগাঁও জিলাৰ কচুৱাত এখন ফাৰ্মাচীত ভেজাল ঔষধ বিক্ৰী কৰিবলৈ আহি দুজন লোক আটক হয়। প্ৰায় ১২ হাজাৰ টকা মূল্যৰ ভেজাল ঔষধ বিক্ৰী কৰিবলৈ দুজন লোক কচুৱাত এখন ফাৰ্মাচীত উপস্থিত হৈছিল।
ফাৰ্মাচীৰ লোকজনৰ ঔষধখিনিকলৈ সন্দেহ হোৱাত নিজৰ ফাৰ্মাচীত থকা ঔষধৰ লগত লোক দুজনে অনা ঔষধ মিলাই চাই নিশ্চিত হয় এই এই ঔষধ সমূহ ভেজাল। ইয়াৰ পিছতে ফাৰ্মাচীৰ লোক জনে নগাঁও জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্যনক খবৰ দিয়ে।
লগতে পঢ়ক : চতিয়াত নকল সোণৰ বিস্কুটসহ দুই ব্যবসায়ী আটক
খবৰ পাই নগাঁও জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্যনৰ সভাপতি আৰক্ষীক লগত লৈ ফাৰ্মাচীখনত উপস্থিত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহা লোক দুজনক আটক। আৰক্ষীয়ে লোক দুজনক জেৰা চলাই আছে।