বৰগাঙৰ দুই শিশু নিৰুদ্দেশ

বিশ্বনাথ: ৰাজ্যত নির্বাচনী প্রচাৰ তীব্রতৰ হৈ থকাৰ সময়তে বিহালী সমষ্টিৰ বৰগাং আৰক্ষী চকীৰ অঁন্তর্গত দক্ষিণ মৰাণ গাৱৰ দুটা শিশু নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । পৰিয়ালৰ ফালৰ পৰা জনোৱা মতে যোৱা ১৯ মার্চ তাৰিখে মৰাণ গাৱৰ সুহাগমনি নায়কৰ পুত্র মংগলু নায়ক (৮বছৰ) আৰু খগেন ভুমিজৰ পুত্র কাৰেন্ট ভুমিজ(৯বছৰ) আবেলিৰ পৰাই নিৰুদ্দেশ হৈ আছে । এই সম্পর্কত পৰিয়ালে বৰগাং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আজি এঘাৰ দিনে আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াব পৰা নাই ।

আনহাতে একে গাৱৰ প্রদীপ চাহৰ পুত্র ৰাকেশ চাহ নামৰ ৮বছৰীয়া শিশু যোৱা ২৯নবেম্বৰত নিৰুদ্দেশ হৈছিল । সেই শিশুৰো আজিলৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই স্থানীয় ৰাইজৰ সন্দেহ এই শিশু সকলক পৰিকল্পিত ভাবে কোনো দুষ্ট চক্রই লৈ যোৱাৰ সন্দেহ কৰিছে । এই ক্ষেত্রত জিলা প্রসাশন আৰু আৰক্ষীয়ে তদন্ত কৰিলে প্রকৃত তথ্য উদ্ধাৰ হোৱাৰ সম্ভৱনা আছে । আনহাতে দুখীয়া পৰিয়ালৰ শিশু হোৱা বাবে আৰক্ষী তদন্ত সন্তোষ জনক নহয় বুলিও অভিযোগ কৰিছে তেওঁলোকৰ পিতৃ-মাতৃ য়ে এই ক্ষেত্ৰত সচেতন লোকে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপৰ দাবী জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply