হোজাই : নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত। বছৰৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে বান প্ৰভাৱিত জিলা সমূহৰ বিস্তীৰ্ণ অঞ্চল। হোজাই জিলাৰো বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীত ডুব গৈ আছে। বানৰ তাণ্ডৱ মাজতে হোজাইত সংঘটিত হৈছে এক নাও দুর্ঘটনা।

শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই নাও দুর্ঘটনাত দুটিকৈ শিশু সন্ধানহীন হৈ আছে। বানাক্ৰান্ত ৰাইজক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আহি থকা এখন নাও দুর্ঘটনাত পতিত হয়। হোজাইৰ যাঠিহুৰাত সংঘঠিত হয় এই নাও দুর্ঘটনা।

ইছলামপুৰৰ পৰা মুঠ ২৭ জনকৈ বানাক্ৰান্ত লোকক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আহি থকা অৱস্থাত নাওখন বুৰ যায়। নাওখনত থকা লোক সকলে গছৰ ডালক সাৰথি কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। পৰৱৰ্তী সময়ত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ২৫ জনকৈ লোকক উদ্ধাৰ কৰে।

লগতে পঢ়ক –  বৃদ্ধি পাইছে উমিয়াম হ্ৰদৰ জলস্তৰ: অসমলৈ মেঘালয় চৰকাৰৰ সতৰ্কবাণী

বানৰ পানীত ডুব যোৱা নাওখনত থকা দুটিকৈ শিশু সন্ধানহীন হয়। বর্তমানেও উদ্ধাৰকাৰী দলটোৱে শিশু দুটিৰ সন্ধানত অভিযান চলাই আছে। ইফালে উদ্ধাৰ কৰা লোক সকলক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে হোজাইত বছৰৰ দ্বিতীয়টো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply