প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক : এতিয়াৰ পৰা কোনো চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নিয়োগৰ ক্ষেত্ৰত জনসংখ্যা নীতি প্ৰয়োগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও এই সম্পৰ্কীয় জাননী জাৰি কৰা হোৱা নাছিল ৷

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এই জাননী জাৰি কৰাত এতিয়াৰে পৰা কাৰ্যতঃ নিয়োগৰ ক্ষেত্ৰত জনসংখ্যা নীতি বলবৎ হ’ল ৷

সেই অনুসৰি চলিত বৰ্ষৰ ১ জানুৱাৰী বা তাৰ পিছত দুটা সন্তানৰ গৰাকী হোৱা কোনো লোকেই চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত নহব ৷

চৰকাৰী নিৰ্দেশনা মতে, চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পূৰ্বেই দুটাতকৈ অধিক সন্তান থকাসকলে সেই তাৰিখৰ পিছত যদি আৰু সন্তানৰ জন্ম দিয়ে তেন্তে তেওঁলোককো চৰকাৰী চাকৰিৰ বাবে যোগ্য বিবেচিত কৰা নহব ৷

ইয়াৰ উপৰি বৰ্তমান কৰ্মৰত কোনো চৰকাৰী চাকৰিয়ালে ১ জানুৱাৰীৰ পিছত যদি দুটাতকৈ অধিক সন্তান জন্ম দিছে তেন্তে তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে এতিয়াৰ পৰা সময়ে সময়ে চৰকাৰক‌ দাখিল কৰিব লাগিব পৰিয়ালৰ সম্পূৰ্ণ তথ্য ৷

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষতেই চৰকাৰে চাকৰিৰ ক্ষেত্ৰত জনসংখ্যা নীতিৰ বিধি ৰাজপত্ৰিত অধিসূচনা যোগে প্ৰকাশ কৰিছিল যদিও সেয়া‌ কাৰ্যকৰী কৰা হোৱা নাছিল।

লগতে পঢ়ক : ১ছেপ্টেম্বৰৰ পৰা বাছ চলিলে ৰাজ্য়ত বাঢ়িব বাছ ভাড়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply