মহানগৰীৰ পৰা অপহৃত হোৱা দুটি শিশু বিহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে।

বৃহস্পতিবাৰে মালিগাঁৱৰ গোটানগৰৰ নিজ ঘৰৰ চোতালতে খেলি থকা অৱস্হাত অপহৰণ হোৱা অপহৰণ কৰা হৈছিল।

উল্লেখ্য যে, পৰিয়ালৰ লোকে বিহাৰৰ কোনো অপহৰণকাৰীয়ে অপহৰণ কৰা বুলি সন্দেহ কৰা পাছতে গুৱাহাটী আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে সংযোগ কৰিছিল।

অৱশেষত বিহাৰৰ বৈশালী জিলাৰ মহুৱাৰ পৰা আৰক্ষীয়ে শিশু দুটাক উদ্ধাৰ কৰিছে।  

আনহাতে, গুৱাহাটী আৰক্ষীৰ এটা দলো ইতিমধ্যে বিহাৰত উপস্থিত হৈছেগৈ।

জানিব পৰা মতে, বৰ্তমানলৈকে আৰক্ষীয়ে অপহৰণ কাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ন কৰে অপহৰণকাৰীয়ে।

বিহাৰ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে অপহৰণকাৰীৰ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply