গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হয়।
গোটানগৰৰ পৰা অপহৃত হয় দুটাকৈ শিশু।
জানিব পৰা মতে, মদন ৰয় নামৰ লোকজনৰ দুটাকৈ সন্তানক চাৰিচকীয়া ৱাগানেৰ বাহনেৰে অপহৰণ কৰে দুবৃত্তই ।
তথ্য অনুসৰি, অপহৃত শিশু দুটি ক্ৰমে ৯বছৰীয়া বিবেক কুমাৰ আৰু ৪বছৰীয়া অজিত কুমাৰ।
পৰিয়ালৰ লোকে বিহাৰৰ কোনো লোকে অপহৰণ কৰা সন্দেহ কৰে। ঘৰৰ চোতালৰ খেলি থকা অৱস্হাৰ পৰাই উঠাই লৈ যায় শিশু দুটিক।
আনহাতে, ঘটনাৰ পাছতে পৰিয়ালৰ লোকো জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
বৰ্তমান গৌচালা আৰু জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।