গুৱাহাটী : মানকাচৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদ গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰে চক্ৰ বিষয়া দুজনক। গাঁওবুঢ়া নিযুক্তিৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীত জড়িত থাকৰ অভিযোগ দুয়ো চক্ৰ বিষয়াৰ বিৰুদ্ধে।
অৱশেষত মানকাচৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদ গ্ৰেপ্তাৰ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। শনিবাৰে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় চক্ৰ বিষয়া দুজনক। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গাঁওবুঢ়া নিযুক্তিৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীত এই দুজন চক্ৰ বিষয়া জড়িত থাকৰ অভিযোগ আছে।
লগতে পঢ়ক : লখিমপুৰত কেন্দ্ৰীয় শক্তি মন্ত্রীৰ প্ৰতিমূৰ্ত্তি দাহ
গাঁওবুঢ়া নিযুক্তিৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে এই দুজন চক্ৰ বিষয়াৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপযুক্ত আতিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানৰ বিৰুদ্ধে। ছাইবৰ ৰহমানক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল আয়তকৈ অধিক সম্পত্তি থাকৰ বাবে।