নিউজ ডেস্কঃ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। অসমত পুনৰ কভিড ১৯ত আক্ৰান্ত হৈছে দুজনলোক।
আক্ৰান্তলোক দুজন পুৰণিগুডামৰ মাজগাঁৱৰ বাসিন্দা। দুয়োজন একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে।
স্বাস্থ্যবিভাগে এসপ্তাহৰ বাবে দুয়োগৰাকীলোককে হোম কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিয়ে।
চৰকাৰী তথ্য মতে অসমত ৪ এপ্ৰিল পৰ্যন্ত সক্ৰিয় ক’ভিড ৰোগী ৬৯ গৰাকী। ৬৯জনৰ ভিতৰত ৪৬গৰাকী কামৰূপ মহানগৰৰ। আনহাতে ৮ জন কামৰূপ গ্ৰাম্যৰ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা সোমবাৰে পুৱা জাৰি কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত মুঠ ৮,৯৩,৭৪৯জন লোকৰ পৰীক্ষাত ১,০৩,৫৫৮জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ।
আনহাতে, এই দিনটোত ৪৭৮জন লোকৰ মৃত্যু হৈছে। কৰোণাৰ পৰা মুক্ত হৈছে ৫২,৮৪৭জন লোক।