কামপুৰঃ কামপুৰৰ এটা ভেকচিন কেন্দ্ৰত অঘটন ৷
এগৰাকী মহিলাক একেলগে দিলে দুটাকৈ ক’ভিড ভেকচিন ৷
মহিলা গৰাকী দক্ষিণ চাংচকীৰ বন্দনা চৌধুৰী বৰা ৷
উত্তৰ চাংচকী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷
লগতে পঢ়কঃমাজুলীত অংগনৱাড়ীৰ কর্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদ
এগৰাকী নাৰ্চে দিয়া ভেকচিন গ্ৰহণ কৰি সেই স্থানতে বহি আছিল মহিলা গৰাকী ।
যাৰ বাবে অন্য এগৰাকী নাৰ্চে ভেকচিন নোলোৱা বুলি ভাবি প্ৰদান কৰিলে আন এটা ভেকচিন ।
মহিলা গৰাকীয়ে দুটা ভেকচিন একেলগে লোৱাৰ পাছতে অসুস্থ হৈ পৰিছে ।