মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ সৰবৰাহ। আৰক্ষী আৰু বি এছ এফৰ ধাৰাবাহিক অভিযানত পিছতো একাংশ গৰু সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বাংলাদেশলৈ অবৈধভাৱে গৰুৰ সৰবৰাহ। পুনৰ গৰুসহ দুজন গৰু সৰবৰাহকাৰীক আটক কৰিছে বি এছ এফে।
নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গৰুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকৰ মাজতে একাংশ গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আছে। ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা হয়।
কাঁইটীয়া তাঁৰৰ বেৰৰ লগতে উন্মুক্ত নদী সীমান্তৰেও গৰু সৰবৰাহ কৰা হয় বাংলাদেশলৈ। বিগত সময়ছোৱাত আৰক্ষী আৰু বি এছ এফৰ অভিযানত কেইবাজনো গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে যদিও গৰু সৰবৰাহকাৰী সকল এতিয়াও সক্ৰিয় হৈ আছে।
জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত আছামেৰ আলগাত ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে অভিযান চলাই গৰুসহ দুজন গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে পুৱতি নিশা বি এছ এফে সীমান্তত টহল দি থকা অৱস্থাত গৰু সৰবৰাহকাৰীৰ এটা দলে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে বি এছ এফে দুজন গৰু সৰবৰাহকাৰীক আটক কৰে।
লগতে পঢ়ক : ৰাজকন্যা বৰুৱাৰ ‘হিট এণ্ড ৰান’ গোচৰৰ চাৰ্জশ্বীট দাখিল
ধৃত গৰু সৰবৰাহকাৰী দুজন হৈছে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ ছৈদূৰ শেখ আৰু কানাইমাৰা গাঁৱৰ ছাহিদূৰ ৰহমান। বি এছ এফে গৰু সৰবৰাহকাৰী দুজনক আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে আৰু বুধবাৰে দুয়োজনকে আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।