ধুবুৰী : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। গৰু সৰবৰাহকাৰীলৈ ধুবুৰী আৰক্ষীৰ গুলী চালনা। ধুবুৰী আৰক্ষীৰ গুলীত আহত দুজনকৈ গৰু সৰবৰাহকাৰী।
গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই গুলী চালনা কৰিব লগীয়া হৈছে। ধুবুৰী আৰক্ষীৰ গুলীত দুজনকৈ গৰু সৰবৰাহকাৰী গুলীবিদ্ধ হৈছে।
এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ধুবুৰী আৰক্ষীয়ে এক অভিযান চলায়। চালবান্দা চৰাঞ্চলত নাৱেৰে গৰু সৰবৰাহ কৰি থকা গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায় ধুবুৰী আৰক্ষীয়ে।
আৰক্ষীৰ দলটোৱে গৰুৰ সৰবৰাহকাৰীৰ দলটোক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও গৰু ভৰ্তি নাওখনলৈ পলায়ন কৰাৰ চেষ্টা চলায় গৰু সৰবৰাহকাৰীৰ দলটোৱে। অৱশেষত বাধ্য হৈ আৰক্ষীয়ে গুলী চালনা কৰে।
আৰক্ষীৰ গুলীত দুজন গৰু সৰবৰাহকাৰী গুলীবিদ্ধ হয়। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ৰফিক চান্দ আৰু ফকিৰ চান্দ নামৰ গৰু সৰবৰাহকাৰী দুজন। আনহাতে গৰু সৰবৰাহকাৰী দলটোৰ অন্য সদস্য সকল পলায়ন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : ছয়গাঁৱত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
আৰক্ষীৰ গুলীত আহত হোৱা গৰু সৰবৰাহকাৰী দুজন ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আহত গৰু সৰবৰাহকাৰী দুনজৰ ঘৰ কাতলামাৰীত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে নাওসহ দহটা গৰু আৰু ম’হ জব্দ কৰিছে।