টীয়ক: চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত পূব লাহিং ৰ ভূঞাহাট ত নিশা এক গৰু চুৰিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে ভূঞা হাটৰ গুণ দাস নামৰ এজন ব্যক্তিৰ ঘৰত ৰাতি দহ মান বজাত গোহালিত সোমাই তিনি জন যুৱকে গৰু চুৰ কৰিব লওঁতেই গৃহস্থ সাৰ পাই চিঞৰ বাখৰ কৰাত যুৱক তিনিজন পলাবলৈ চেষ্টা কৰে।

যদিও তাৰে দুজন যুৱক অনন্ত দাস আৰু দিগন্ত গুৱালাক ৰাইজে ধৰিবলৈ সক্ষম হয়। অন্য জন ডিম্ব দাস এতিয়াও পলাতক অৱস্থাত আছে। কৰায়ত্ব কৰা যুৱক দুজনক পাছত ৰাইজে স্থানীয় চেলেংহাট আৰক্ষী চকীত চমজাই দিয়ে আৰু আজি পুৱা টীয়ক আৰক্ষী য়ে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত যোৰহাট আদালতলৈ স্থানান্তৰিত কৰে।

লগতে পঢ়ক নতুন এছ অ পি মতে কি কি নতুন নিয়ম কৰিলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply