সোণাৰিঃ প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল আলিয়াক। সোণাৰিৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কন্যা আলিয়া তাঁতীৰ হত্যাকাণ্ডত জড়িত অপৰাধীৰ ভাষ্য এয়া।
সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অপৰাধীক বুধবাৰে আটক কৰিছে আৰক্ষীয়ে।
নিষ্পাপ শিশু আলিয়া হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰত চৰাইদেউ আৰক্ষীৰ অভিযানত আটক হ’ল দুই অপৰাধী। হত্যাকাণ্ডৰ লগত জড়িত আটকাধীন দুই অপৰাধীৰ নাম ৰোহন গোৱালা আৰু বাদলু প্ৰজা।
লগতে পঢ়কঃকলহী নৈত জপিয়াই যুৱকৰ আত্মহত্যা
চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত চলা ক্ষীপ্ৰ অভিযানত আটক হ’ল দুই অপৰাধী।
উল্লেখ্য যে, সোমবাৰে সমনীয়াৰ হৈতে খৰি বিচাৰি যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল টিঙালীবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ ছয় বছৰীয়া কন্যা আলিয়া তাঁতী।
সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত চাহ বাগিচাৰ মাজত এটা নলাত উদ্ধাৰ কৰিছিল আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ।
ইয়াৰ পাছতেই আৰক্ষীয়ে টিঙালীবাম চাহ বাগিচাত অপৰাধীক বিচাৰি চলাইছিল অভিযান। এই অভিযানৰ সময়ত মৃতদেহ উদ্ধাৰ হোৱা স্থানত মঙ্গলবাৰে হাবিৰ মাজত উদ্ধাৰ হৈছিল দুখন চোকা দা।
লগতে পঢ়কঃসোণাৰিত সংঘটিত হৈছে নৰবলিৰ ঘটনা
ইফালে আলিয়াৰ লগত যোৱা দুই সমনীয়াৰ ভাষ্য অনুসৰি চাহ বাগিচাৰ মাজত এজন লোকে আলীয়াক ৰ’বলৈ কৈ বাকীসকলক ধমকি দি উভতাই পঠাইছিল চাহ বাগিচাৰ পৰা। সেই সূত্ৰৰ পম খেদি টিঙালীবাম আৰক্ষী চকীলৈ সোধপোছৰ বাবে অনা চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ মাজৰপৰা ৰোহন গোৱালাক আলিয়াৰ সৈতে খৰি বিচাৰি যোৱা সমনীয়াৰ চিনাক্তকৰণৰ ভিত্তিত আৰু ৰোহনৰ স্বীকাৰোক্তিৰ পাছত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অপৰাধীক।
আনহাতে অপৰাধীক কৰায়ত্ত কৰাৰ পাছতে ৰাইজৰ জিম্মাত বিচাৰি টিঙালীবাম আৰক্ষী চকীৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় শ্ৰমিকে।